জীৱনৰ বোজা কঢ়িয়াই যেতিয়া উশাহবোৰ ভাগৰি পৰে, আশাবোৰ তিৰবিৰাই উঠা চকুহালত বয়সেও আঁচোৰ সানে। জীৱনবোৰ এনেকুৱাই, কি পালো কি হেৰুৱালো তাৰ হিচাপ ল'বলৈ গ'লে সদায় নোপোৱাৰ তালিকাখনহে দীঘল হৈ পৰে। আশাবোৰ ৰৈ যায় আদবাটতে; আধৰুৱা হয়। কোনে নিবিচাৰে অট্টালিকা…? কোনে নিবিচাৰে দামী গাড়ী, দামী কাপোৰ, দামী আহাৰ…? এটা আৰামী জীৱন..!! কিন্তু দৰিদ্ৰতাই যেতিয়া কোঙা কৰি এৰি যায় জীৱনক; তেতিয়া হাতেৰে ঢুকি নোপোৱা সপোনবোৰ দূৰতে বিলীন হৈ ৰৈ যায়। সমুখৰ ধূসৰ ভৱিষ্যতটোলৈ চাই মাথো চকুলো টুকিব লাগে নিৰৱে। আচলতে বিলাসী গাড়ীত দূৰ যাত্ৰা কৰিব নোৱাৰিলেও জীৱনৰ পথত সুখৰ যাত্ৰা এটাৰ প্ৰয়োজন। পকী অট্টালিকাত থাকিব নোৱাৰিলেও ৰ'দে বৰষুণে নিজক বচাবলৈ এখন চালি আৰু চাৰিবেৰৰ প্ৰয়োজন। প্ৰয়োজন হয় ভোক গুচাবলৈ এসাঁজ আহাৰৰ। তথাপি জানো মানুহৰ আশাবোৰ শেষ হয়…? সেই চকুহালতো থাকে সপোনবোৰ চুই চোৱাৰ আশা, জীৱনৰ ৰং বোৰ বুটলি লোৱাৰ হেপাঁহ, নিজক সুন্দৰকৈ সজাই চোৱাৰ কল্পনা। শৈশৱৰ পৰা বৃদ্ধ লৈকে জীৱনৰ খতিয়ানখন মেলি চালে কল্পনাতেই শেষ হয় বহু কাহিনী। ভোকে লঘোণে গাত ফটা কাপোৰ এখন আঁৰি আমি জীৱনৰ পৰিধি কেৱল চাবহে পাৰো; হয়তো জুখিব নোৱাৰো কেতিয়াও। এয়াইটো জীৱন, সাধাৰণ অথচ সকলোৰে পৃথক।
top of page
bottom of page
Mojja likhiso dei. Borhiya lagise.